Show/Hide Keyboard Layout

গছে গছে

- জ্যোতিপ্ৰসাদ আগৰৱালা

(কোনে) গছে গছে পাতি দিলে

ফুলৰে শৰাই (ৰাম ৰাম)

ফুলৰে শৰাই, ফুলৰে শৰাই,

ফুলৰে শৰাই ।

 

কলীয়া ভোমোৰা, গুঞ্জৰি আহে

গোন্ধকে ধিয়াই (ৰাম ৰাম)

গোন্ধকে ধিয়াই, গোন্ধকে ধিয়াই,

গোন্ধকে ধিয়াই

কোনে গোলাপী সখীক

এনে হাঁহি দিলে

ৰূপতে ৰঙে চৰাই ?

কোনে গোলাপী সখীক

এনে হাঁহি দিলে

ৰূপতে ৰঙে চৰাই ?

ওৰণি তলতে পৰিমল ৰেণু

উৰুৱাই পৱনে দিলে বিলায়

ওৰণি তলতে পৰিমল ৰেণু

উৰুৱাই পৱনে দিলে বিলায় ।

 

গছে গছে পাতি দিলে

ফুলৰে শৰাই (ৰাম ৰাম)

ফুলৰে শৰাই, ফুলৰে শৰাই,

ফুলৰে শৰাই ।।

Hits: 2381